তোমাৰ উশাহ কহুঁৱা কোঁমল


তোমাৰ উশাহ কঁহুৱা-কোমল
শেৱালি-কোমল হাঁহি
হাঁহিয়ে হৃদয় হৰিলে শুনাই
এটি কিবা মিঠা বাঁহী৷
শাৰদীয়া চেনেহীৰে
কঁকাল ইমান লাহী।।
তোমাৰ উশাহ কঁহুৱা কোমল
শেৱালি কোমল হাঁহি৷৷
হঠাৎ আজি গালোঁ মই
মৰম সনা গীত
তাকে শুনি চেনেহীৰে
উখল মাখল চিত।
বালিত নাচে আমাক জোকাই
এটি সৰু বালি মাহী।
তোমাৰ উশাহ কঁহুৱা কোমল
শেৱালি কোমল হাঁহি৷৷
ৰুণুক-জুনুক সৰা পাতত
নিয়ঁৰ সৰি পৰে
গালে মুখে নিয়ঁৰ সানি
ধেমালিখন কৰে।
শেৱালীৰে বিছনাতে
আমি দুয়ো শুলোঁ
শুই শুই মেঘৰ আঁৰৰ
শৰালি গণিলোঁ ।
এহাল হাঁহে আদৰিলে
হঠাৎ নামি আহি ।
তোমাৰ উশাহ কঁহুৱা কোমল
শেৱালি কোমল হাঁহি।।

No comments: