অʼ ককাইটি অʼ চুচুক্-চামাক্‌কৈ



ভায়েক : অʼ ককাইটি অʼ......।
ককায়েক : কি হʼল, কি হʼল অʼ?
ভায়েক : চুচুক্-চামাক্‌কৈ দীপালীজনীয়ে কিয়
মোৰ পিনে ৰʼ লাগি চায়?

ককায়েক : ভাইটি তই বুজিকে পোৱাহে নাই।
ভাইটি, তাই বোধহয় তোকেই ভাল পায়!

ভায়েক : সৌ কৰবীজনীয়ে কিয়, মৰমী চাৱনিৰে
খিৰিকীমুখত থিয় হয়?
ককায়েক : ভাইটি এইয়া প্ৰথম প্ৰেমৰে পৰিচয়।
ভাইটি এইয়া মৰম বোটলাৰ সময়।

ভায়েক : পিছে দীপালী কৰবীকে
         দীপক বৰুৱাৰ সʼতে
         মিলা দেখি কিবা ভাব হয়!
ককায়েক : (অʼ) তেনে ভীষণ কথা হʼল ভাই।
            তেনে মোৰ উপদেশ দিবলৈ নাই।
            তহঁতৰ বয়স ৰঙীণ সৰস।
            বুজিও নুবুজ একো।

দুয়ো : যেনিয়ে চকু যায় তেনিয়ে থমকি ৰয়
নেচাবৰ মন নাই কাকো।

ভায়েক : আৰু লিপিকা দেৱীয়ে কিয়
নীলা নীলা চিঠিৰে
বহু বহু মিঠা কথা কয়?

ককায়েক : ভাইটি তোৰ সমান আৰু অঁকৰা নাই।
           শুনিছোঁ বহুতলেʼ চিঠি লিখে তাই।

ভায়েক : আৰু সৌজনী অঞ্জনা হংস খোজেৰে দেখোঁ
          মোৰ পিনে আহে আগুৱাই!
ককায়েক : ভাইটি তই সাৱধান হোৱা কিয় নাই?
           বহুতে কয়, বহুতকে ভাল পায় তাই।

ককায়েক : ( কথা : সাৱধান কৰি দিছোঁ কিন্তু )
ভায়েক : সৌৱা মিচিক্‌-মাচাক্‌কৈ
          হাঁহি হাঁহি চম্পাই
          মিঠাকৈ কিয় গীত গায়?

ভায়েক : কাইটি তয়ো দেখো বুজি পোৱা নাই।
ককায়েক :বুজিছোঁ, গাইছে তোকেই শুনায়।

ভায়েক : কাইটি তয়ো গীতৰে ভাষা বুজা নাই
ককায়েক : বুজিছোঁ, গীতৰ বাহিৰে একো নাই।

No comments: