অসম দেশৰ বাগিচাৰে ছোৱালী



অসম দেশৰ বাগিচাৰে ছোৱালী
ঝুমুৰ-টুমুৰ নাচি কৰোঁ ধেমালি;
হেʼ লছমী নহয় মোৰে নাম - চামেলি ।।

শিৰীষ তলে ধৰ্‌বি পাহি,
পাতা লম্বা পাবি বʼলি;
নাকে পিন্ধি নাকফুলি, জোৱান ভুলালি
হেʼ চম্পা নহয় মোৰে নাম চামেলি।।

বাৰ মাসেৰ বাৰ ফুল
ভাদ মাসেৰ কেয়াৰে;
কিবা দৰে ছাড়ে গেলʼ
অভাগিনী পিয়াৰে।
অʼ অভাগিনী পিয়াৰে।
ছটʼ ছটʼ ছোকড়ী, বৰ বৰ টুক্‌ৰী
নৰম সবুজ পাতা, তলে ডগ্‌ ডগ্‌
জোৱান বুঢ়াৰ আখি দেখ্
কৰে লক্‌ লক্‌;
ছটʼ ছটʼ বুকখানা কৰে ঢক্‌ ঢক্‌;
কি ভাবিস ঐ হামাৰ চাহেলী
মনে ৰাখ মোৰ নাম - চামেলি।

এʼ বাপ-দাদা আছিলে কোনোবা মুলুকত;
পিছে, আমি বিহু গাব জানো -

এʼ হাঁহে হৈ চৰিমগৈ অʼ মইনা
তোমাৰেনো পুখুৰীত
এʼ পাৰ হৈনো পৰিমগৈ চালত;
এʼ ঘামে হৈ সোমামগৈ অʼ মইনা
তোমাৰেনো শৰীৰত;
মাখি হৈনো চুমা দিম গালত ।

ভাদৰ মাসত ধম্‌ ধমা ধম্‌
কৰম পূজাত ধম্‌ ধমা ধম্‌
বাজাও আমি ধম্‌ ধমা ধম্‌
মাদল চাওতালী।

মগলু : ঐ মুখাপিন্ধা, তই কোন ছোৱালীৰে
আৰেʼ বীৰবলৰ বেটি তই কি হাণ্টাৰৱালী
নেʼ পিস্তলৱালী ! আৰে পাগলী!

চামেলী : ওঁ-হুঁ, পাগলী নহয় মোৰে নাম চামেলি
বীৰবলেৰ বেটী মোৰ নাম চামেলি
অসম দেশৰ বাগিচাৰে ছোৱালী
ঝুমুৰ-টুমুৰ নাচি কৰোঁ ধেমালি
হেʼ লছমী নহয় মোৰে নাম - চামেলি
বীৰবলেৰ বেটী মোৰ নাম চামেলি
অসম দেশত আমি ফুৰোঁ উমলি ।

চৰ্দাৰ বʼলে কাম কাম
বাবু বʼলে ধৰি আন
চাহেব বʼলে লিব পিঠেৰ ছাম
অʼ বিদেশী শ্যাম
ফাঁকি দিয়ে আনিল আসাম।

No comments: